لَآ أُقۡسِمُ بِيَوۡمِ ٱلۡقِيَٰمَةِ
মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ,
القيامة
Read Surah Al-Qiyamah in Assamese (القيامة) with Arabic text, Assamese translation, and audio recitation. Chapter 75 of the Holy Quran, 40 verses — free online.
Quran in Assamese · all 114 Surahs
لَآ أُقۡسِمُ بِيَوۡمِ ٱلۡقِيَٰمَةِ
মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ,
وَلَآ أُقۡسِمُ بِٱلنَّفۡسِ ٱللَّوَّامَةِ
মই আৰু শপত কৰিছোঁ আত্মনিন্দাকাৰী আত্মাৰ,
أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَلَّن نَّجۡمَعَ عِظَامَهُۥ
মানুহে ভাবে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?
بَلَىٰ قَٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّيَ بَنَانَهُۥ
কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।
بَلۡ يُرِيدُ ٱلۡإِنسَٰنُ لِيَفۡجُرَ أَمَامَهُۥ
বৰং মানুহে ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ ইচ্ছুক।
يَسۡـَٔلُ أَيَّانَ يَوۡمُ ٱلۡقِيَٰمَةِ
সি প্ৰশ্ন কৰে, ক্বিয়ামত দিৱস কেতিয়া আহিব?
فَإِذَا بَرِقَ ٱلۡبَصَرُ
এতেকে যেতিয়া চকু স্থিৰ হৈ যাব,
وَخَسَفَ ٱلۡقَمَرُ
আৰু চন্দ্ৰ জ্যোতিবিহীন হৈ পৰিব,
وَجُمِعَ ٱلشَّمۡسُ وَٱلۡقَمَرُ
আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-
يَقُولُ ٱلۡإِنسَٰنُ يَوۡمَئِذٍ أَيۡنَ ٱلۡمَفَرُّ
সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?
كَلَّا لَا وَزَرَ
কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।
إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمُسۡتَقَرُّ
সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।
يُنَبَّؤُاْ ٱلۡإِنسَٰنُ يَوۡمَئِذِۭ بِمَا قَدَّمَ وَأَخَّرَ
সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব, সি আগলৈ কি পঠিয়াইছিল আৰু পিছফালে কি থৈ আহিছে।
بَلِ ٱلۡإِنسَٰنُ عَلَىٰ نَفۡسِهِۦ بَصِيرَةٞ
বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,
وَلَوۡ أَلۡقَىٰ مَعَاذِيرَهُۥ
যদিও সি নানা অজুহাত দেখুৱায়।
لَا تُحَرِّكۡ بِهِۦ لِسَانَكَ لِتَعۡجَلَ بِهِۦٓ
ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।
إِنَّ عَلَيۡنَا جَمۡعَهُۥ وَقُرۡءَانَهُۥ
নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
فَإِذَا قَرَأۡنَٰهُ فَٱتَّبِعۡ قُرۡءَانَهُۥ
এতেকে আমি যেতিয়া (জিব্ৰীলৰ মাধ্যমত) ইয়াক পাঠ কৰোঁ তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,
ثُمَّ إِنَّ عَلَيۡنَا بَيَانَهُۥ
তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও নিশ্চিতভাৱে আমাৰেই।
كَلَّا بَلۡ تُحِبُّونَ ٱلۡعَاجِلَةَ
কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা;
وَتَذَرُونَ ٱلۡأٓخِرَةَ
আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ
সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
إِلَىٰ رَبِّهَا نَاظِرَةٞ
সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
وَوُجُوهٞ يَوۡمَئِذِۭ بَاسِرَةٞ
আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,
تَظُنُّ أَن يُفۡعَلَ بِهَا فَاقِرَةٞ
সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।
كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِيَ
নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব,
وَقِيلَ مَنۡۜ رَاقٖ
আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?
وَظَنَّ أَنَّهُ ٱلۡفِرَاقُ
তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।
وَٱلۡتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ
আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।
إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمَسَاقُ
সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।
فَلَا صَدَّقَ وَلَا صَلَّىٰ
কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।
وَلَٰكِن كَذَّبَ وَتَوَلَّىٰ
বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
ثُمَّ ذَهَبَ إِلَىٰٓ أَهۡلِهِۦ يَتَمَطَّىٰٓ
তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,
أَوۡلَىٰ لَكَ فَأَوۡلَىٰ
দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!
ثُمَّ أَوۡلَىٰ لَكَ فَأَوۡلَىٰٓ
আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!
أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَن يُتۡرَكَ سُدًى
মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?
أَلَمۡ يَكُ نُطۡفَةٗ مِّن مَّنِيّٖ يُمۡنَىٰ
সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?
ثُمَّ كَانَ عَلَقَةٗ فَخَلَقَ فَسَوَّىٰ
তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।
فَجَعَلَ مِنۡهُ ٱلزَّوۡجَيۡنِ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ
তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী।
أَلَيۡسَ ذَٰلِكَ بِقَٰدِرٍ عَلَىٰٓ أَن يُحۡـِۧيَ ٱلۡمَوۡتَىٰ
সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?
Al-Qiyamah
Play