Surah At-Talaq in Assamese

    الطلاق

    Surah At-Talaq in Assamese

    Read Surah At-Talaq in Assamese (الطلاق) with Arabic text, Assamese translation, and audio recitation. Chapter 65 of the Holy Quran, 12 verses — free online.

    Quran in Assamese · all 114 Surahs

    يَٰٓأَيُّهَا ٱلنَّبِيُّ إِذَا طَلَّقۡتُمُ ٱلنِّسَآءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحۡصُواْ ٱلۡعِدَّةَۖ وَٱتَّقُواْ ٱللَّهَ رَبَّكُمۡۖ لَا تُخۡرِجُوهُنَّ مِنۢ بُيُوتِهِنَّ وَلَا يَخۡرُجۡنَ إِلَّآ أَن يَأۡتِينَ بِفَٰحِشَةٖ مُّبَيِّنَةٖۚ وَتِلۡكَ حُدُودُ ٱللَّهِۚ وَمَن يَتَعَدَّ حُدُودَ ٱللَّهِ فَقَدۡ ظَلَمَ نَفۡسَهُۥۚ لَا تَدۡرِي لَعَلَّ ٱللَّهَ يُحۡدِثُ بَعۡدَ ذَٰلِكَ أَمۡرٗا

    হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও যেন ওলাই নাযায়, (কিন্তু) সিহঁত যদি কোনো স্পষ্ট অশ্লীলতাত লিপ্ত হয় (তেন্তে বিষয়টো সুকীয়া)। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লংঘন কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে। তুমি নাজানা, সম্ভৱতঃ আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।

    فَإِذَا بَلَغۡنَ أَجَلَهُنَّ فَأَمۡسِكُوهُنَّ بِمَعۡرُوفٍ أَوۡ فَارِقُوهُنَّ بِمَعۡرُوفٖ وَأَشۡهِدُواْ ذَوَيۡ عَدۡلٖ مِّنكُمۡ وَأَقِيمُواْ ٱلشَّهَٰدَةَ لِلَّهِۚ ذَٰلِكُمۡ يُوعَظُ بِهِۦ مَن كَانَ يُؤۡمِنُ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۚ وَمَن يَتَّقِ ٱللَّهَ يَجۡعَل لَّهُۥ مَخۡرَجٗا

    তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ ইদ্দতৰ শেষ সীমাত উপনীত হ’ব, তেতিয়া তোমালোকে সিহঁতক যথাবিধি ৰাখি দিবা নহ’লে সিহঁতক যথাবিধি পৰিত্যাগ কৰিবা আৰু তোমালোকৰ মাজৰ পৰা দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; আৰু তোমালোকে আল্লাহৰ বাবে সঠিকভাৱে সাক্ষ্য দিবা। ইয়াৰ দ্বাৰা তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি বিশ্বাস কৰে তাক উপদেশ দিয়া হৈছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব আল্লাহে তাৰ বাবে উত্তৰণৰ পথ উলিয়াই দিব,

    وَيَرۡزُقۡهُ مِنۡ حَيۡثُ لَا يَحۡتَسِبُۚ وَمَن يَتَوَكَّلۡ عَلَى ٱللَّهِ فَهُوَ حَسۡبُهُۥٓۚ إِنَّ ٱللَّهَ بَٰلِغُ أَمۡرِهِۦۚ قَدۡ جَعَلَ ٱللَّهُ لِكُلِّ شَيۡءٖ قَدۡرٗا

    আৰু তেওঁ তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা দান কৰিব; আৰু যিয়ে আল্লাহৰ প্ৰতি তাৱাক্কুল কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ উদ্দেশ্য পূৰণ কৰিবই; নিশ্চয় আল্লাহে প্ৰতিটো বস্তুৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

    وَٱلَّٰٓـِٔي يَئِسۡنَ مِنَ ٱلۡمَحِيضِ مِن نِّسَآئِكُمۡ إِنِ ٱرۡتَبۡتُمۡ فَعِدَّتُهُنَّ ثَلَٰثَةُ أَشۡهُرٖ وَٱلَّٰٓـِٔي لَمۡ يَحِضۡنَۚ وَأُوْلَٰتُ ٱلۡأَحۡمَالِ أَجَلُهُنَّ أَن يَضَعۡنَ حَمۡلَهُنَّۚ وَمَن يَتَّقِ ٱللَّهَ يَجۡعَل لَّهُۥ مِنۡ أَمۡرِهِۦ يُسۡرٗا

    তোমালোকৰ স্ত্ৰীসকলৰ মাজৰ যিসকলে ঋতুমতি হোৱাৰ কাল অতিক্ৰম কৰিছে, সিহঁতৰ ইদ্দত সম্পৰ্কে যদি তোমালোকে সন্দেহ কৰা তেনেহ’লে সিহঁতৰ ইদ্দতকাল হ’ব তিনি মাহ; আৰু যিসকলে এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই সিহঁতৰো (ইদ্দতকাল হৈছে তিনি মাহ); আৰু গৰ্ভৱতী নাৰীসকলৰ ইদ্দতকাল হৈছে সন্তান প্ৰসৱ নোহোৱালৈকে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আল্লাহে তাৰ বাবে তাৰ কৰ্মক সহজ কৰি দিয়ে।

    ذَٰلِكَ أَمۡرُ ٱللَّهِ أَنزَلَهُۥٓ إِلَيۡكُمۡۚ وَمَن يَتَّقِ ٱللَّهَ يُكَفِّرۡ عَنۡهُ سَيِّـَٔاتِهِۦ وَيُعۡظِمۡ لَهُۥٓ أَجۡرًا

    এইটো হৈছে আল্লাহৰ বিধান, যিটো তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক প্ৰদান কৰিব মহাপুৰস্কাৰ।

    أَسۡكِنُوهُنَّ مِنۡ حَيۡثُ سَكَنتُم مِّن وُجۡدِكُمۡ وَلَا تُضَآرُّوهُنَّ لِتُضَيِّقُواْ عَلَيۡهِنَّۚ وَإِن كُنَّ أُوْلَٰتِ حَمۡلٖ فَأَنفِقُواْ عَلَيۡهِنَّ حَتَّىٰ يَضَعۡنَ حَمۡلَهُنَّۚ فَإِنۡ أَرۡضَعۡنَ لَكُمۡ فَـَٔاتُوهُنَّ أُجُورَهُنَّ وَأۡتَمِرُواْ بَيۡنَكُم بِمَعۡرُوفٖۖ وَإِن تَعَاسَرۡتُمۡ فَسَتُرۡضِعُ لَهُۥٓ أُخۡرَىٰ

    তোমালোকৰ সামৰ্থ অনুযায়ী য’ত তোমালোকে বসবাস কৰা তাতেই সিহঁতকো বাস কৰিবলৈ দিয়া, সিহঁতক সংকটত পেলাবলৈ কষ্ট নিদিবা; আৰু সিহঁত গৰ্ভৱতী থাকিলে সন্তান প্ৰসৱ নকৰালৈকে সিহঁতৰ বাবে ব্যয় কৰা। তাৰ পিছত যদি সিহঁতে তোমালোকৰ সন্তানক পিয়াহ খুওৱায় তেনেহ’লে সিহঁতক পাৰিশ্ৰমিক প্ৰদান কৰিবা আৰু (সন্তানৰ কল্যাণ সম্পৰ্কে) তোমালোকে নিজৰ মাজতেই সংগতভাৱে পৰামৰ্শ কৰা; আৰু যদি তোমালোকে পৰস্পৰে ঐক্যমত হ’বলৈ টান পোৱা তেনেহ’লে পিতাৰ ফালৰ পৰা আন তিৰোতাই পিয়াহ খুৱাব।

    لِيُنفِقۡ ذُو سَعَةٖ مِّن سَعَتِهِۦۖ وَمَن قُدِرَ عَلَيۡهِ رِزۡقُهُۥ فَلۡيُنفِقۡ مِمَّآ ءَاتَىٰهُ ٱللَّهُۚ لَا يُكَلِّفُ ٱللَّهُ نَفۡسًا إِلَّا مَآ ءَاتَىٰهَاۚ سَيَجۡعَلُ ٱللَّهُ بَعۡدَ عُسۡرٖ يُسۡرٗا

    বিত্তবানে নিজ সামৰ্থ অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত সচ্ছলতা প্ৰদান কৰিব।

    وَكَأَيِّن مِّن قَرۡيَةٍ عَتَتۡ عَنۡ أَمۡرِ رَبِّهَا وَرُسُلِهِۦ فَحَاسَبۡنَٰهَا حِسَابٗا شَدِيدٗا وَعَذَّبۡنَٰهَا عَذَابٗا نُّكۡرٗا

    আৰু বহুতো জনপদে সিহঁতৰ প্ৰতিপালক আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশৰ বিৰুদ্ধাচাৰণ কৰিছিল। ফলত আমি সিহঁতৰ পৰা কঠিন হিচাপ গ্ৰহণ কৰিছিলোঁ আৰু আমি সিহঁতক বিহিছিলোঁ কঠিন শাস্তি।

    فَذَاقَتۡ وَبَالَ أَمۡرِهَا وَكَانَ عَٰقِبَةُ أَمۡرِهَا خُسۡرًا

    ফলত সিহঁতে নিজৰ কৃতকৰ্মৰ সোৱাদ পাইছিল; আৰু সিহঁতৰ কৰ্মৰ পৰিণাম আছিল ক্ষতিয়েই ক্ষতি।

    ১০

    أَعَدَّ ٱللَّهُ لَهُمۡ عَذَابٗا شَدِيدٗاۖ فَٱتَّقُواْ ٱللَّهَ يَٰٓأُوْلِي ٱلۡأَلۡبَٰبِ ٱلَّذِينَ ءَامَنُواْۚ قَدۡ أَنزَلَ ٱللَّهُ إِلَيۡكُمۡ ذِكۡرٗا

    আল্লাহে সিহঁতৰ বাবে কঠিন শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, হে বোধশক্তিসম্পন্ন ব্যক্তিসকল! যিসকলে ঈমান আনিছা। নিশ্চয় আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে উপদেশ---

    ১১

    رَّسُولٗا يَتۡلُواْ عَلَيۡكُمۡ ءَايَٰتِ ٱللَّهِ مُبَيِّنَٰتٖ لِّيُخۡرِجَ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ مِنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِۚ وَمَن يُؤۡمِنۢ بِٱللَّهِ وَيَعۡمَلۡ صَٰلِحٗا يُدۡخِلۡهُ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ قَدۡ أَحۡسَنَ ٱللَّهُ لَهُۥ رِزۡقًا

    এজন ৰাছুল, যিয়ে তোমালোকৰ ওচৰত আল্লাহৰ সুস্পষ্ট আয়াতসমূহ তিলাৱাত কৰে, যাতে সেইসকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; এতেকে যিয়ে আল্লাহৰ ওপৰত ঈমান আনিব আৰু সৎকাম কৰিব, তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰকাল অৱস্থান কৰিব। নিশ্চয় আল্লাহে তাক উত্তম জীৱিকা প্ৰদান কৰিব।

    ১২

    ٱللَّهُ ٱلَّذِي خَلَقَ سَبۡعَ سَمَٰوَٰتٖ وَمِنَ ٱلۡأَرۡضِ مِثۡلَهُنَّۖ يَتَنَزَّلُ ٱلۡأَمۡرُ بَيۡنَهُنَّ لِتَعۡلَمُوٓاْ أَنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ وَأَنَّ ٱللَّهَ قَدۡ أَحَاطَ بِكُلِّ شَيۡءٍ عِلۡمَۢا

    তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান; আৰু আল্লাহে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

    At-Talaq

    Play