Surah Maryam in Assamese

    مريم

    Surah Maryam in Assamese

    Read Surah Maryam in Assamese (مريم) with Arabic text, Assamese translation, and audio recitation. Chapter 19 of the Holy Quran, 98 verses — free online.

    Quran in Assamese · all 114 Surahs

    كٓهيعٓصٓ

    কাফ-হা-ইয়া-আঈন- চ’দ;[1]

    [1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

    ذِكۡرُ رَحۡمَتِ رَبِّكَ عَبۡدَهُۥ زَكَرِيَّآ

    এইটো হৈছে তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা যাকাৰিয়্যাৰ প্ৰতি,

    إِذۡ نَادَىٰ رَبَّهُۥ نِدَآءً خَفِيّٗا

    যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল,

    قَالَ رَبِّ إِنِّي وَهَنَ ٱلۡعَظۡمُ مِنِّي وَٱشۡتَعَلَ ٱلرَّأۡسُ شَيۡبٗا وَلَمۡ أَكُنۢ بِدُعَآئِكَ رَبِّ شَقِيّٗا

    তেওঁ কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ(ৰ চুলি) শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।

    وَإِنِّي خِفۡتُ ٱلۡمَوَٰلِيَ مِن وَرَآءِي وَكَانَتِ ٱمۡرَأَتِي عَاقِرٗا فَهَبۡ لِي مِن لَّدُنكَ وَلِيّٗا

    নিশ্চয় মই মোৰ পিছত মোৰ স্বগোত্ৰীয়সকলৰ বিষয়ে আশংকাবোধ কৰিছোঁ; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। গতিকে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা,

    يَرِثُنِي وَيَرِثُ مِنۡ ءَالِ يَعۡقُوبَۖ وَٱجۡعَلۡهُ رَبِّ رَضِيّٗا

    ‘যিয়ে মোৰ উত্তৰাধিকাৰী হ’ব আৰু উত্তৰাধিকাৰী লাভ কৰিব ইয়াকূবৰ বংশৰ, লগতে হে মোৰ প্ৰতিপালক! তুমি তাক সন্তোষভাজন কৰিবা’।

    يَٰزَكَرِيَّآ إِنَّا نُبَشِّرُكَ بِغُلَٰمٍ ٱسۡمُهُۥ يَحۡيَىٰ لَمۡ نَجۡعَل لَّهُۥ مِن قَبۡلُ سَمِيّٗا

    (আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলোঁ’।

    قَالَ رَبِّ أَنَّىٰ يَكُونُ لِي غُلَٰمٞ وَكَانَتِ ٱمۡرَأَتِي عَاقِرٗا وَقَدۡ بَلَغۡتُ مِنَ ٱلۡكِبَرِ عِتِيّٗا

    তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব পাৰে, অথচ মোৰ স্ত্ৰী হৈছে বন্ধ্যা আৰু ময়ো বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছোঁ’!

    قَالَ كَذَٰلِكَ قَالَ رَبُّكَ هُوَ عَلَيَّ هَيِّنٞ وَقَدۡ خَلَقۡتُكَ مِن قَبۡلُ وَلَمۡ تَكُ شَيۡـٔٗا

    (উত্তৰত তেওঁ) ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে অতি সহজ; ইয়াৰ পূৰ্বে মই তোমাকো সৃষ্টি কৰিছোঁ যেতিয়া তুমি একোৱেই নাছিলা’।

    ১০

    قَالَ رَبِّ ٱجۡعَل لِّيٓ ءَايَةٗۖ قَالَ ءَايَتُكَ أَلَّا تُكَلِّمَ ٱلنَّاسَ ثَلَٰثَ لَيَالٖ سَوِيّٗا

    যাকাৰিয়্যাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও ক্ৰমাগত তিনি ৰাতি (দিন) পৰ্যন্ত কাৰো লগত কথা ক’ব নোৱাৰিবা’।

    ১১

    فَخَرَجَ عَلَىٰ قَوۡمِهِۦ مِنَ ٱلۡمِحۡرَابِ فَأَوۡحَىٰٓ إِلَيۡهِمۡ أَن سَبِّحُواْ بُكۡرَةٗ وَعَشِيّٗا

    তাৰ পিছত তেওঁ (ইবাদতৰ বাবে নিৰ্দিষ্ট) কক্ষৰ পৰা ওলাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ আহিল আৰু ইঙ্গিতেৰে সিহঁতক ক’লে, ‘তোমালোকে পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা’।

    ১২

    يَٰيَحۡيَىٰ خُذِ ٱلۡكِتَٰبَ بِقُوَّةٖۖ وَءَاتَيۡنَٰهُ ٱلۡحُكۡمَ صَبِيّٗا

    ‘হে ইয়াহয়া! তুমি কিতাবখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা,’ আৰু আমি তেওঁক শৈশৱতেই প্ৰজ্ঞা দান কৰিছিলোঁ,

    ১৩

    وَحَنَانٗا مِّن لَّدُنَّا وَزَكَوٰةٗۖ وَكَانَ تَقِيّٗا

    আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পৱিত্ৰতা দান কৰিছোঁ; আৰু তেওঁ আছিল এজন মুত্তাক্বী।

    ১৪

    وَبَرَّۢا بِوَٰلِدَيۡهِ وَلَمۡ يَكُن جَبَّارًا عَصِيّٗا

    আৰু তেওঁ আছিল পিতৃ-মাতৃৰ প্ৰতি অনুগত, তথা তেওঁ অহংকাৰী, অবাধ্য নাছিল।

    ১৫

    وَسَلَٰمٌ عَلَيۡهِ يَوۡمَ وُلِدَ وَيَوۡمَ يَمُوتُ وَيَوۡمَ يُبۡعَثُ حَيّٗا

    শান্তি তেওঁৰ ওপৰত অনিবাৰ্য, যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব।

    ১৬

    وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ مَرۡيَمَ إِذِ ٱنتَبَذَتۡ مِنۡ أَهۡلِهَا مَكَانٗا شَرۡقِيّٗا

    আৰু (হে ৰাছুল!) তুমি এই কিতাবত (উল্লিখিত) মাৰয়ামৰ কথা বৰ্ণনা কৰা, যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূৱ দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় নিলে,

    ১৭

    فَٱتَّخَذَتۡ مِن دُونِهِمۡ حِجَابٗا فَأَرۡسَلۡنَآ إِلَيۡهَا رُوحَنَا فَتَمَثَّلَ لَهَا بَشَرٗا سَوِيّٗا

    তাৰ পিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে। তেতিয়া আমি তেওঁৰ ওচৰলৈ আমাৰ ৰূহ (জীব্ৰীল)ক প্ৰেৰণ কৰিলোঁ, ফলত তেওঁ মাৰয়ামৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আহি আত্মপ্ৰকাশ কৰিলে।

    ১৮

    قَالَتۡ إِنِّيٓ أَعُوذُ بِٱلرَّحۡمَٰنِ مِنكَ إِن كُنتَ تَقِيّٗا

    মাৰয়ামে ক’লে, ‘মই তোমাৰ পৰা ৰহমানৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, (আল্লাহক ভয় কৰা আৰু আঁতৰি যোৱা) যদি তুমি মুত্তাক্বী হোৱা’।

    ১৯

    قَالَ إِنَّمَآ أَنَا۠ رَسُولُ رَبِّكِ لِأَهَبَ لَكِ غُلَٰمٗا زَكِيّٗا

    তেওঁ ক’লে, ‘মইতো তোমাৰ প্ৰতিপালকৰ দূতহে, তোমাক এজন পৱিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছোঁ’।

    ২০

    قَالَتۡ أَنَّىٰ يَكُونُ لِي غُلَٰمٞ وَلَمۡ يَمۡسَسۡنِي بَشَرٞ وَلَمۡ أَكُ بَغِيّٗا

    মাৰয়ামে ক’লে, ‘মোৰ পুত্ৰ কেনেকৈ হ’ব যিহেতু মোক কোনো পুৰুষে স্পৰ্শই কৰা নাই আৰু মই ব্যভিচাৰিণীও নহয়’?

    ২১

    قَالَ كَذَٰلِكِ قَالَ رَبُّكِ هُوَ عَلَيَّ هَيِّنٞۖ وَلِنَجۡعَلَهُۥٓ ءَايَةٗ لِّلنَّاسِ وَرَحۡمَةٗ مِّنَّاۚ وَكَانَ أَمۡرٗا مَّقۡضِيّٗا

    তেওঁ ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; আৰু আমি তেওঁক এইকাৰণে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ; এইটো এটা সিদ্ধান্তকৃত বিষয়’।

    ২২

    ۞ فَحَمَلَتۡهُ فَٱنتَبَذَتۡ بِهِۦ مَكَانٗا قَصِيّٗا

    তাৰ পিছত মাৰয়ামে তেওঁক গৰ্ভত ধাৰণ কৰিলে আৰু সেই গৰ্ভসহ দূৰৱৰ্তী এডোখৰ ঠাইলৈ গুচি গ’ল;

    ২৩

    فَأَجَآءَهَا ٱلۡمَخَاضُ إِلَىٰ جِذۡعِ ٱلنَّخۡلَةِ قَالَتۡ يَٰلَيۡتَنِي مِتُّ قَبۡلَ هَٰذَا وَكُنتُ نَسۡيٗا مَّنسِيّٗا

    তাৰ পিছত প্ৰসৱ-বেদনাই তেওঁক এজোপা খেজুৰ গছৰ তলত আশ্ৰয় নিবলৈ বাধ্য কৰালে। তেওঁ ক’লে, ‘হায়, ইয়াৰ আগতেই যদি মই মৃত্যুবৰণ কৰিলোঁহেঁতেন আৰু মানুহৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে হেৰাই গ’লোঁহেঁতেন!’

    ২৪

    فَنَادَىٰهَا مِن تَحۡتِهَآ أَلَّا تَحۡزَنِي قَدۡ جَعَلَ رَبُّكِ تَحۡتَكِ سَرِيّٗا

    তেতিয়া তলৰ পৰা তেওঁ মাৰয়ামক মাতি ক’লে, ‘তুমি চিন্তা নকৰিবা, তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এটা নিজৰা সৃষ্টি কৰিছে;

    ২৫

    وَهُزِّيٓ إِلَيۡكِ بِجِذۡعِ ٱلنَّخۡلَةِ تُسَٰقِطۡ عَلَيۡكِ رُطَبٗا جَنِيّٗا

    আৰু তুমি খেজুৰ গছৰ কাণ্ড ধৰি জোকাৰি দিয়া, ই তোমাৰ ওপৰত তাজা পকা খেজুৰ পেলাব।

    ২৬

    فَكُلِي وَٱشۡرَبِي وَقَرِّي عَيۡنٗاۖ فَإِمَّا تَرَيِنَّ مِنَ ٱلۡبَشَرِ أَحَدٗا فَقُولِيٓ إِنِّي نَذَرۡتُ لِلرَّحۡمَٰنِ صَوۡمٗا فَلَنۡ أُكَلِّمَ ٱلۡيَوۡمَ إِنسِيّٗا

    এতেকে খোৱা, সেৱন কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছোঁ। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।

    ২৭

    فَأَتَتۡ بِهِۦ قَوۡمَهَا تَحۡمِلُهُۥۖ قَالُواْ يَٰمَرۡيَمُ لَقَدۡ جِئۡتِ شَيۡـٔٗا فَرِيّٗا

    তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত আহি উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰয়াম! নিশ্চয় তুমি এটা অদ্ভূত কাণ্ড কৰিছা’।

    ২৮

    يَٰٓأُخۡتَ هَٰرُونَ مَا كَانَ أَبُوكِ ٱمۡرَأَ سَوۡءٖ وَمَا كَانَتۡ أُمُّكِ بَغِيّٗا

    ‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতা কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’।

    ২৯

    فَأَشَارَتۡ إِلَيۡهِۖ قَالُواْ كَيۡفَ نُكَلِّمُ مَن كَانَ فِي ٱلۡمَهۡدِ صَبِيّٗا

    তেতিয়া মাৰয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘কোলাত থকা এটি কেঁচুৱাৰ সৈতে আমি কেনেকৈ কথা পাতিম’?

    ৩০

    قَالَ إِنِّي عَبۡدُ ٱللَّهِ ءَاتَىٰنِيَ ٱلۡكِتَٰبَ وَجَعَلَنِي نَبِيّٗا

    কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে,

    ৩১

    وَجَعَلَنِي مُبَارَكًا أَيۡنَ مَا كُنتُ وَأَوۡصَٰنِي بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ مَا دُمۡتُ حَيّٗا

    ‘মই য’তেই নাথাকোঁ কিয় তেওঁ মোক বৰকতময় কৰিছে, লগতে তেওঁ মোক আজীৱন ছালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে--

    ৩২

    وَبَرَّۢا بِوَٰلِدَتِي وَلَمۡ يَجۡعَلۡنِي جَبَّارٗا شَقِيّٗا

    ‘আৰু মোক মোৰ মাতৃৰ প্ৰতি অনুগত কৰিছে, লগতে তেওঁ মোক অহংকাৰী, অবাধ্য বনোৱা নাই;

    ৩৩

    وَٱلسَّلَٰمُ عَلَيَّ يَوۡمَ وُلِدتُّ وَيَوۡمَ أَمُوتُ وَيَوۡمَ أُبۡعَثُ حَيّٗا

    ‘আৰু মোৰ ওপৰত শান্তি অনিবাৰ্য যিদিনা মই জন্ম লাভ কৰিছোঁ, যিদিনা মোৰ মৃত্যু হ’ব আৰু যিদিনা মই জীৱিত অৱস্থাত উত্থিত হ'ম’।

    ৩৪

    ذَٰلِكَ عِيسَى ٱبۡنُ مَرۡيَمَۖ قَوۡلَ ٱلۡحَقِّ ٱلَّذِي فِيهِ يَمۡتَرُونَ

    এইটোৱেই হৈছে মাৰয়ামৰ পুত্ৰ ঈছা (ৰ ঘটনা)। (মই যি বৰ্ণনা কৰিলোঁ) এইটোৱে হৈছে সত্য কথা, যি বিষয়ত সিহঁতে সন্দেহ পোষণ কৰে।

    ৩৫

    مَا كَانَ لِلَّهِ أَن يَتَّخِذَ مِن وَلَدٖۖ سُبۡحَٰنَهُۥٓۚ إِذَا قَضَىٰٓ أَمۡرٗا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ

    সন্তান গ্ৰহণ কৰাটো আল্লাহৰ কাম নহয়। তেওঁ পৱিত্ৰ মহিমাময়। তেওঁ যেতিয়া কিবা কৰিবলৈ স্থিৰ কৰে, তেতিয়া কেৱল এই বুলি কয় ‘হ’ সেইটো তৎক্ষণাত হৈ যায়।

    ৩৬

    وَإِنَّ ٱللَّهَ رَبِّي وَرَبُّكُمۡ فَٱعۡبُدُوهُۚ هَٰذَا صِرَٰطٞ مُّسۡتَقِيمٞ

    নিশ্চয় আল্লাহেই হৈছে মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই হৈছে সৰল পথ।

    ৩৭

    فَٱخۡتَلَفَ ٱلۡأَحۡزَابُ مِنۢ بَيۡنِهِمۡۖ فَوَيۡلٞ لِّلَّذِينَ كَفَرُواْ مِن مَّشۡهَدِ يَوۡمٍ عَظِيمٍ

    তথাপিও দলসমূহে নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে মহাদিৱস প্ৰত্যক্ষকালত কাফিৰসকলৰ বাবে ধ্বংস অনিবাৰ্য।

    ৩৮

    أَسۡمِعۡ بِهِمۡ وَأَبۡصِرۡ يَوۡمَ يَأۡتُونَنَا لَٰكِنِ ٱلظَّٰلِمُونَ ٱلۡيَوۡمَ فِي ضَلَٰلٖ مُّبِينٖ

    সিহঁতে যিদিনা আমাৰ ওচৰত উপস্থিত হ’ব সিদিনা সিহঁতে কিমান যে স্পষ্টকৈ শুনা পাব আৰু দেখা পাব! কিন্তু যালিমসকল আজি স্পষ্ট বিভ্ৰান্তিত আছে।

    ৩৯

    وَأَنذِرۡهُمۡ يَوۡمَ ٱلۡحَسۡرَةِ إِذۡ قُضِيَ ٱلۡأَمۡرُ وَهُمۡ فِي غَفۡلَةٖ وَهُمۡ لَا يُؤۡمِنُونَ

    (হে ৰাছুল!) তুমি সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যিদিনা সকলো সিদ্ধান্ত চূড়ান্ত হৈ যাব। অথচ (এতিয়া) সিহঁতে উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁতে ঈমান পোষণ নকৰে।

    ৪০

    إِنَّا نَحۡنُ نَرِثُ ٱلۡأَرۡضَ وَمَنۡ عَلَيۡهَا وَإِلَيۡنَا يُرۡجَعُونَ

    নিশ্চয় পৃথিৱী আৰু ইয়াৰ ওপৰত যি যি আছে সেই সকলোবোৰৰ চূড়ান্ত মালিকানাস্বত্ব কেৱল আমাৰেই, আৰু আমাৰ ওচৰতেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব।

    ৪১

    وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ إِبۡرَٰهِيمَۚ إِنَّهُۥ كَانَ صِدِّيقٗا نَّبِيًّا

    লগতে বৰ্ণনা কৰা এই কিতাবত (উল্লিখিত) ইব্ৰাহীমৰ কথা, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।

    ৪২

    إِذۡ قَالَ لِأَبِيهِ يَٰٓأَبَتِ لِمَ تَعۡبُدُ مَا لَا يَسۡمَعُ وَلَا يُبۡصِرُ وَلَا يُغۡنِي عَنكَ شَيۡـٔٗا

    যেতিয়া তেওঁ তেওঁৰ পিতাক ক’লে, ‘হে মোৰ পিতৃ! আপুনি কিয় এনে বস্তুৰ ইবাদত কৰে যিয়ে একো শুনা নাপায়, দেখা নাপায় আৰু আপোনাৰ কোনো কামতো নাহে’?

    ৪৩

    يَٰٓأَبَتِ إِنِّي قَدۡ جَآءَنِي مِنَ ٱلۡعِلۡمِ مَا لَمۡ يَأۡتِكَ فَٱتَّبِعۡنِيٓ أَهۡدِكَ صِرَٰطٗا سَوِيّٗا

    ‘হে মোৰ পিতৃ! মোৰ ওচৰলৈ এনেকুৱা জ্ঞান আহিছে যিটো আপোনাৰ ওচৰত আহা নাই; সেয়ে মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।

    ৪৪

    يَٰٓأَبَتِ لَا تَعۡبُدِ ٱلشَّيۡطَٰنَۖ إِنَّ ٱلشَّيۡطَٰنَ كَانَ لِلرَّحۡمَٰنِ عَصِيّٗا

    ‘হে মোৰ পিতৃ! চয়তানৰ ইবাদত নকৰিব। নিশ্চয় চয়তান হৈছে ৰহমানৰ অবাধ্য।

    ৪৫

    يَٰٓأَبَتِ إِنِّيٓ أَخَافُ أَن يَمَسَّكَ عَذَابٞ مِّنَ ٱلرَّحۡمَٰنِ فَتَكُونَ لِلشَّيۡطَٰنِ وَلِيّٗا

    ‘হে মোৰ পিতৃ! মোৰ আশংকা হৈছে যে, ৰহমানৰ শাস্তিয়ে আপোনাক স্পৰ্শ কৰিব, ফলত আপুনি চয়তানৰ বন্ধু হৈ পৰিব’।

    ৪৬

    قَالَ أَرَاغِبٌ أَنتَ عَنۡ ءَالِهَتِي يَٰٓإِبۡرَٰهِيمُۖ لَئِن لَّمۡ تَنتَهِ لَأَرۡجُمَنَّكَۖ وَٱهۡجُرۡنِي مَلِيّٗا

    পিতাই ক’লে, ‘হে ইব্ৰাহীম! তুমি মোৰ উপাস্যবোৰৰ পৰা বিমুখ হৈছা নেকি? যদি তুমি (এনে আচৰণৰ পৰা) বিৰত নোহোৱা তেন্তে নিশ্চয় মই তোমাক শিল দলিয়াই তোমাৰ প্ৰাণ নাশ কৰিম; আৰু তুমি দীৰ্ঘ সময়ৰ বাবে মোক এৰি গুচি যোৱা’।

    ৪৭

    قَالَ سَلَٰمٌ عَلَيۡكَۖ سَأَسۡتَغۡفِرُ لَكَ رَبِّيٓۖ إِنَّهُۥ كَانَ بِي حَفِيّٗا

    ইব্ৰাহীমে ক’লে, ‘আপোনাৰ প্ৰতি ছালাম। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম; নিশ্চয় তেওঁ মোৰ প্ৰতি বৰ অনুগ্ৰহশীল।

    ৪৮

    وَأَعۡتَزِلُكُمۡ وَمَا تَدۡعُونَ مِن دُونِ ٱللَّهِ وَأَدۡعُواْ رَبِّي عَسَىٰٓ أَلَّآ أَكُونَ بِدُعَآءِ رَبِّي شَقِيّٗا

    ‘লগতে মই আপোনালোকৰ পৰা আৰু আপোনালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হ'লোঁ; আৰু মই কেৱল মোৰ প্ৰতিপালককে আহ্বান কৰিম; আশা কৰোঁ মই মোৰ প্ৰতিপালকক আহ্বান কৰি ব্যৰ্থ নহম’।

    ৪৯

    فَلَمَّا ٱعۡتَزَلَهُمۡ وَمَا يَعۡبُدُونَ مِن دُونِ ٱللَّهِ وَهَبۡنَا لَهُۥٓ إِسۡحَٰقَ وَيَعۡقُوبَۖ وَكُلّٗا جَعَلۡنَا نَبِيّٗا

    তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ পৰা আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰৰ পৰা পৃথক হৈ গ’ল, তেতিয়া আমি তেওঁক দান কৰিলোঁ ইছহাক্ব আৰু ইয়াকূব আৰু প্ৰত্যেককে নবী বনাইছোঁ।

    ৫০

    وَوَهَبۡنَا لَهُم مِّن رَّحۡمَتِنَا وَجَعَلۡنَا لَهُمۡ لِسَانَ صِدۡقٍ عَلِيّٗا

    আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহ দান কৰিলোঁ, আৰু তেওঁলোকৰ নাম-যশস্যা উচ্চ কৰিলোঁ।

    ৫১

    وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ مُوسَىٰٓۚ إِنَّهُۥ كَانَ مُخۡلَصٗا وَكَانَ رَسُولٗا نَّبِيّٗا

    আৰু এই কিতাবত (উল্লিখিত) মুছাৰ কথা বৰ্ণনা কৰা, তেওঁ আছিল বিশেষ মনোনীত আৰু তেওঁ আছিল ৰাছুল, নবী।

    ৫২

    وَنَٰدَيۡنَٰهُ مِن جَانِبِ ٱلطُّورِ ٱلۡأَيۡمَنِ وَقَرَّبۡنَٰهُ نَجِيّٗا

    আৰু তেওঁক আমি মাতিছিলোঁ তূৰ পৰ্বতৰ সোঁফালৰ পৰা, লগতে অন্তৰঙ্গ আলাপৰ উদ্দেশ্যে আমি তেওঁক নিকটৱৰ্তী কৰিছিলোঁ।

    ৫৩

    وَوَهَبۡنَا لَهُۥ مِن رَّحۡمَتِنَآ أَخَاهُ هَٰرُونَ نَبِيّٗا

    আৰু আমি আমাৰ নিজ অনুগ্ৰহত তেওঁৰ বাবে তেওঁৰ ভাতৃ হাৰূনক নবীৰূপে দান কৰিছিলোঁ।

    ৫৪

    وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ إِسۡمَٰعِيلَۚ إِنَّهُۥ كَانَ صَادِقَ ٱلۡوَعۡدِ وَكَانَ رَسُولٗا نَّبِيّٗا

    লগতে (হে নবী!) এই কিতাবত (উল্লিখিত) ইছমাঈলৰ কথা বৰ্ণনা কৰা, নিশ্চয় তেওঁ আছিল প্ৰতিশ্ৰুতি পালনত সত্যাশ্ৰয়ী আৰু তেওঁ আছিল ৰাছুল, নবী;

    ৫৫

    وَكَانَ يَأۡمُرُ أَهۡلَهُۥ بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ وَكَانَ عِندَ رَبِّهِۦ مَرۡضِيّٗا

    তেওঁ নিজ পৰিয়ালবৰ্গক ছালাত আৰু যাকাতৰ নিৰ্দেশ দিছিল আৰু তেওঁ আছিল নিজ প্ৰতিপালকৰ ওচৰত সন্তোষভাজন।

    ৫৬

    وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ إِدۡرِيسَۚ إِنَّهُۥ كَانَ صِدِّيقٗا نَّبِيّٗا

    আৰু এই কিতাবত (উল্লিখিত) ইদ্ৰীছৰ কথা বৰ্ণনা কৰা, নিশ্চয় তেওঁ আছিল সত্যনিষ্ঠ নবী;

    ৫৭

    وَرَفَعۡنَٰهُ مَكَانًا عَلِيًّا

    আৰু আমি তেওঁক উচ্চ মৰ্যাদাত উন্নীত কৰিছিলোঁ।

    ৫৮

    أُوْلَٰٓئِكَ ٱلَّذِينَ أَنۡعَمَ ٱللَّهُ عَلَيۡهِم مِّنَ ٱلنَّبِيِّـۧنَ مِن ذُرِّيَّةِ ءَادَمَ وَمِمَّنۡ حَمَلۡنَا مَعَ نُوحٖ وَمِن ذُرِّيَّةِ إِبۡرَٰهِيمَ وَإِسۡرَٰٓءِيلَ وَمِمَّنۡ هَدَيۡنَا وَٱجۡتَبَيۡنَآۚ إِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُ ٱلرَّحۡمَٰنِ خَرُّواْۤ سُجَّدٗاۤ وَبُكِيّٗا۩

    এওঁলোকেই হৈছে সেইসকল নবী, আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু (এওঁলোক সেইসকল লোকৰ বংশধৰ) যিসকলক আমি নূহৰ লগত নাৱঁত আৰোহণ কৰোৱাইছিলোঁ। লগতে এওঁলোক হৈছে ইব্ৰাহীম আৰু ইছৰাঈলৰ বংশোদ্ভূত, তথা (তেওঁলোকৰো বংশধৰ) যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলোঁ আৰু মনোনীত কৰিছিলোঁ; তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ’লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল। (ছাজদাহ ৫)

    ৫৯

    ۞ فَخَلَفَ مِنۢ بَعۡدِهِمۡ خَلۡفٌ أَضَاعُواْ ٱلصَّلَوٰةَ وَٱتَّبَعُواْ ٱلشَّهَوَٰتِۖ فَسَوۡفَ يَلۡقَوۡنَ غَيًّا

    তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে ছালাত বিনষ্ট কৰিছিল আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিছিল। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব।

    ৬০

    إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحٗا فَأُوْلَٰٓئِكَ يَدۡخُلُونَ ٱلۡجَنَّةَ وَلَا يُظۡلَمُونَ شَيۡـٔٗا

    কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

    ৬১

    جَنَّٰتِ عَدۡنٍ ٱلَّتِي وَعَدَ ٱلرَّحۡمَٰنُ عِبَادَهُۥ بِٱلۡغَيۡبِۚ إِنَّهُۥ كَانَ وَعۡدُهُۥ مَأۡتِيّٗا

    এইটো চিৰস্থায়ী জান্নাত, যাৰ গায়েবী প্ৰতিশ্ৰুতি পৰম কৰুণাময়ে তেওঁৰ বান্দাসকলক প্ৰদান কৰিছিল। নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুত বিষয় অৱশ্যম্ভাৱী।

    ৬২

    لَّا يَسۡمَعُونَ فِيهَا لَغۡوًا إِلَّا سَلَٰمٗاۖ وَلَهُمۡ رِزۡقُهُمۡ فِيهَا بُكۡرَةٗ وَعَشِيّٗا

    তাত তেওঁলোকে ছালাম তথা শান্তিৰ বাহিৰে আন কোনো অসাৰ বাক্য শুনিবলৈ নাপাব আৰু তাত পুৱা-গধূলি তেওঁলোকৰ বাবে থাকিব তেওঁলোকৰ ৰিজিক্ব (আহাৰ)।

    ৬৩

    تِلۡكَ ٱلۡجَنَّةُ ٱلَّتِي نُورِثُ مِنۡ عِبَادِنَا مَن كَانَ تَقِيّٗا

    এইটোৱে হৈছে সেই জান্নাত, যাৰ অধিকাৰী আমি আমাৰ বান্দাসকলৰ মাজৰ মুত্তাক্বীসকলক কৰিম।

    ৬৪

    وَمَا نَتَنَزَّلُ إِلَّا بِأَمۡرِ رَبِّكَۖ لَهُۥ مَا بَيۡنَ أَيۡدِينَا وَمَا خَلۡفَنَا وَمَا بَيۡنَ ذَٰلِكَۚ وَمَا كَانَ رَبُّكَ نَسِيّٗا

    (জিব্ৰীলে ক’লে) আমি আপোনাৰ প্ৰতিপালকৰ আদেশ অবিহনে অৱতৰণ নকৰোঁ; আমাৰ সন্মুখত যি আছে আৰু পিছফালে যি আছে, লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলো তেওঁৰেই; আৰু আপোনাৰ প্ৰতিপালক বিস্মৃত নহয়।

    ৬৫

    رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا فَٱعۡبُدۡهُ وَٱصۡطَبِرۡ لِعِبَٰدَتِهِۦۚ هَلۡ تَعۡلَمُ لَهُۥ سَمِيّٗا

    তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক। সেয়ে কেৱল তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে?

    ৬৬

    وَيَقُولُ ٱلۡإِنسَٰنُ أَءِذَا مَا مِتُّ لَسَوۡفَ أُخۡرَجُ حَيًّا

    আৰু মানুহে কয়, ‘মই মৃত্যুবৰণ কৰিলে মোক আকৌ জীৱিত অৱস্থাত উঠোৱা হ’ব নেকি’?

    ৬৭

    أَوَلَا يَذۡكُرُ ٱلۡإِنسَٰنُ أَنَّا خَلَقۡنَٰهُ مِن قَبۡلُ وَلَمۡ يَكُ شَيۡـٔٗا

    মানুহে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়েই তাক ইয়াৰ পূৰ্বে সৃষ্টি কৰিছোঁ, যেতিয়া সি একোৱেই নাছিল?

    ৬৮

    فَوَرَبِّكَ لَنَحۡشُرَنَّهُمۡ وَٱلشَّيَٰطِينَ ثُمَّ لَنُحۡضِرَنَّهُمۡ حَوۡلَ جَهَنَّمَ جِثِيّٗا

    এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁতক আৰু চয়তানসকলক একেলগে সমবেত কৰিম, তাৰ পিছত আমি সিহঁতক নতজানু অৱস্থাত জাহান্নামৰ চাৰিওফালে উপস্থিত কৰিম।

    ৬৯

    ثُمَّ لَنَنزِعَنَّ مِن كُلِّ شِيعَةٍ أَيُّهُمۡ أَشَدُّ عَلَى ٱلرَّحۡمَٰنِ عِتِيّٗا

    তাৰ পিছত প্ৰত্যেক দলৰ মাজৰ পৰা যিজন ৰহমানৰ সৰ্বাধিক অবাধ্য আছিল, আমি তাক টানি উলিয়াই আনিম।

    ৭০

    ثُمَّ لَنَحۡنُ أَعۡلَمُ بِٱلَّذِينَ هُمۡ أَوۡلَىٰ بِهَا صِلِيّٗا

    আৰু আমিহে ভালকৈ জানো সিহঁতক, যিসকল জাহান্নামত দগ্ধ হোৱাৰ বেছি উপযুক্ত।

    ৭১

    وَإِن مِّنكُمۡ إِلَّا وَارِدُهَاۚ كَانَ عَلَىٰ رَبِّكَ حَتۡمٗا مَّقۡضِيّٗا

    আৰু তোমালোকৰ প্ৰত্যেকেই তাৰ (জাহান্নামৰ) ওপৰেদি অতিক্ৰম কৰিব লাগিব; এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।

    ৭২

    ثُمَّ نُنَجِّي ٱلَّذِينَ ٱتَّقَواْ وَّنَذَرُ ٱلظَّٰلِمِينَ فِيهَا جِثِيّٗا

    তাৰ পিছত আমি উদ্ধাৰ কৰিম তেওঁলোকক, যিসকলে তাক্বৱা অৱলম্বন কৰিছিল আৰু যালিমসকলক তাত নতজানু অৱস্থাত ৰাখি দিম।

    ৭৩

    وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُنَا بَيِّنَٰتٖ قَالَ ٱلَّذِينَ كَفَرُواْ لِلَّذِينَ ءَامَنُوٓاْ أَيُّ ٱلۡفَرِيقَيۡنِ خَيۡرٞ مَّقَامٗا وَأَحۡسَنُ نَدِيّٗا

    আৰু সিহঁতৰ ওচৰত আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে কাফিৰসকলে মুমিনসকলক কয়, ‘(আমাৰ) দুই দলৰ মাজত মৰ্যাদাত কোন শ্ৰেষ্ঠ আৰু কাৰ সভা বেছি জাকজমকতাপূৰ্ণ’?

    ৭৪

    وَكَمۡ أَهۡلَكۡنَا قَبۡلَهُم مِّن قَرۡنٍ هُمۡ أَحۡسَنُ أَثَٰثٗا وَرِءۡيٗا

    আৰু সিহঁতৰ পূৰ্বে আমি বহু মানৱগোষ্ঠীক বিনাশ কৰিছোঁ—যিসকল সম্পদ আৰু বাহ্যদৃষ্টিত সিহঁততকৈও শ্ৰেষ্ঠ আছিল।

    ৭৫

    قُلۡ مَن كَانَ فِي ٱلضَّلَٰلَةِ فَلۡيَمۡدُدۡ لَهُ ٱلرَّحۡمَٰنُ مَدًّاۚ حَتَّىٰٓ إِذَا رَأَوۡاْ مَا يُوعَدُونَ إِمَّا ٱلۡعَذَابَ وَإِمَّا ٱلسَّاعَةَ فَسَيَعۡلَمُونَ مَنۡ هُوَ شَرّٞ مَّكَانٗا وَأَضۡعَفُ جُندٗا

    কোৱা, ‘যিসকলে বিভ্ৰান্তিত আছে, পৰম কৰুণাময়ে সিহঁতক প্ৰচুৰ অৱকাশ দিব, অৱশেষত যেতিয়া সিহঁতে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাব যি বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল, সেয়া শাস্তিয়েই হওক বা কিয়ামতেই হওক, তেতিয়াহে সিহঁতে জানিবলৈ পাব মৰ্যাদাৰ ক্ষেত্ৰত কোন অতি নিকৃষ্ট আৰু দলবলৰ ক্ষেত্ৰত কোন বেছি দুৰ্বল’।

    ৭৬

    وَيَزِيدُ ٱللَّهُ ٱلَّذِينَ ٱهۡتَدَوۡاْ هُدٗىۗ وَٱلۡبَٰقِيَٰتُ ٱلصَّٰلِحَٰتُ خَيۡرٌ عِندَ رَبِّكَ ثَوَابٗا وَخَيۡرٞ مَّرَدًّا

    আৰু যিসকলে সৎপথত চলে আল্লাহে তেওঁলোকৰ হিদায়ত বৃদ্ধি কৰি দিয়ে; আৰু স্থায়ী সৎকৰ্মসমূহ তোমাৰ প্ৰতিপালকৰ পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু পৰিণতিৰ ফালেৰেও অতি উত্তম।

    ৭৭

    أَفَرَءَيۡتَ ٱلَّذِي كَفَرَ بِـَٔايَٰتِنَا وَقَالَ لَأُوتَيَنَّ مَالٗا وَوَلَدًا

    তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে আৰু কয়, ‘নিশ্চয় মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’।

    ৭৮

    أَطَّلَعَ ٱلۡغَيۡبَ أَمِ ٱتَّخَذَ عِندَ ٱلرَّحۡمَٰنِ عَهۡدٗا

    সি গায়েব সম্পৰ্কে অৱহিত হৈছে নেকি, নে ৰহমানৰ পৰা কোনো প্ৰতিশ্ৰুতি লাভ কৰিছে?

    ৭৯

    كَلَّاۚ سَنَكۡتُبُ مَا يَقُولُ وَنَمُدُّ لَهُۥ مِنَ ٱلۡعَذَابِ مَدّٗا

    কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তিহে বৃদ্ধি কৰি থাকিম।

    ৮০

    وَنَرِثُهُۥ مَا يَقُولُ وَيَأۡتِينَا فَرۡدٗا

    আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰতেই উপস্থিত হ'বহি।

    ৮১

    وَٱتَّخَذُواْ مِن دُونِ ٱللَّهِ ءَالِهَةٗ لِّيَكُونُواْ لَهُمۡ عِزّٗا

    আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ বাবে সন্মানৰ কাৰণ হয় (আৰু সহায়ক হয়);

    ৮২

    كَلَّاۚ سَيَكۡفُرُونَ بِعِبَادَتِهِمۡ وَيَكُونُونَ عَلَيۡهِمۡ ضِدًّا

    কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদতক অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।

    ৮৩

    أَلَمۡ تَرَ أَنَّآ أَرۡسَلۡنَا ٱلشَّيَٰطِينَ عَلَى ٱلۡكَٰفِرِينَ تَؤُزُّهُمۡ أَزّٗا

    তুমি লক্ষ্য কৰা নাইনে, আমি কাফিৰসকলৰ বাবে চয়তানবোৰক এৰি থৈছোঁ, সিহঁতক বেয়া কামত বিশেষভাৱে প্ৰলুব্ধ কৰাৰ বাবে?

    ৮৪

    فَلَا تَعۡجَلۡ عَلَيۡهِمۡۖ إِنَّمَا نَعُدُّ لَهُمۡ عَدّٗا

    এতেকে সিহঁতৰ বিষয়ে তুমি খৰখেদা নকৰিবা। নিশ্চয় আমি সিহঁতৰ নিৰ্ধাৰিত কাল গণনা কৰিছোঁ,

    ৮৫

    يَوۡمَ نَحۡشُرُ ٱلۡمُتَّقِينَ إِلَى ٱلرَّحۡمَٰنِ وَفۡدٗا

    (স্মৰণ কৰা) যিদিনা আমি ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে সমবেত কৰিম,

    ৮৬

    وَنَسُوقُ ٱلۡمُجۡرِمِينَ إِلَىٰ جَهَنَّمَ وِرۡدٗا

    আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি লৈ যাম।

    ৮৭

    لَّا يَمۡلِكُونَ ٱلشَّفَٰعَةَ إِلَّا مَنِ ٱتَّخَذَ عِندَ ٱلرَّحۡمَٰنِ عَهۡدٗا

    যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও চুপাৰিছ কৰিব নোৱাৰিব।

    ৮৮

    وَقَالُواْ ٱتَّخَذَ ٱلرَّحۡمَٰنُ وَلَدٗا

    আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’।

    ৮৯

    لَّقَدۡ جِئۡتُمۡ شَيۡـًٔا إِدّٗا

    নিশ্চয় তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা;

    ৯০

    تَكَادُ ٱلسَّمَٰوَٰتُ يَتَفَطَّرۡنَ مِنۡهُ وَتَنشَقُّ ٱلۡأَرۡضُ وَتَخِرُّ ٱلۡجِبَالُ هَدًّا

    (এনেকুৱা বিষয়) যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, লগতে পৃথিৱী খণ্ড-বিখণ্ড আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়,

    ৯১

    أَن دَعَوۡاْ لِلرَّحۡمَٰنِ وَلَدٗا

    এইকাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে।

    ৯২

    وَمَا يَنۢبَغِي لِلرَّحۡمَٰنِ أَن يَتَّخِذَ وَلَدًا

    অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।

    ৯৩

    إِن كُلُّ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ إِلَّآ ءَاتِي ٱلرَّحۡمَٰنِ عَبۡدٗا

    আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব।

    ৯৪

    لَّقَدۡ أَحۡصَىٰهُمۡ وَعَدَّهُمۡ عَدّٗا

    তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে,

    ৯৫

    وَكُلُّهُمۡ ءَاتِيهِ يَوۡمَ ٱلۡقِيَٰمَةِ فَرۡدًا

    আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰলৈ অকলশৰীয়া হৈ আহিব।

    ৯৬

    إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ سَيَجۡعَلُ لَهُمُ ٱلرَّحۡمَٰنُ وُدّٗا

    নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, ৰহমানে অৱশ্যে তেওঁলোকৰ বাবে (পাৰস্পাৰিক) সম্প্ৰীতি সৃষ্টি কৰিব।

    ৯৭

    فَإِنَّمَا يَسَّرۡنَٰهُ بِلِسَانِكَ لِتُبَشِّرَ بِهِ ٱلۡمُتَّقِينَ وَتُنذِرَ بِهِۦ قَوۡمٗا لُّدّٗا

    আৰু আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছোঁ, যাতে তুমি ইয়াৰ দ্বাৰা মুত্তাক্বীসকলক সুসংবাদ দিব পাৰা আৰু বিতণ্ডাপ্ৰিয় সম্প্ৰদায়ক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰা।

    ৯৮

    وَكَمۡ أَهۡلَكۡنَا قَبۡلَهُم مِّن قَرۡنٍ هَلۡ تُحِسُّ مِنۡهُم مِّنۡ أَحَدٍ أَوۡ تَسۡمَعُ لَهُمۡ رِكۡزَۢا

    আৰু সিহঁতৰ পূৰ্বে আমি কিমান যে প্ৰজন্মক বিনাশ কৰিছোঁ! তুমি সিহঁতৰ কাৰোবাৰ অস্তিত্ব অনুভৱ কৰিছানে অথবা ক্ষীণতকৈও ক্ষীণ (ৰিণিকা অহা) কোনো শব্দ শুনিবলৈ পোৱানে?

    Maryam

    Play